পৃষ্ঠা:অসমীয়া ল'ৰাৰ ব্যাকৰণ.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অসমীয়া ল’ৰাৰ

ব্যাকৰণ৷

ভাষা৷

মানুহে যি যি স্পষ্ট শব্দ কবি মনৰ ভাৱ প্ৰকাশ কৰে; তাৰ নাম ভাষা৷

ব্যাকৰণ৷

ভাষা শুদ্ধকৈ লিখা পঢ়া কৰিবলৈ আরু ভাল রূপে বুঝিবলৈ যি যি নিয়ম কৰা যায়, তাৰ নাম ব্যাকৰণ৷

দূৰৈৰ মানুহক কথা কই মনৰ ভাব জনাব নোৱাৰি আরু বহুদিন হ’লে মনতো নেথাকে, এই কাৰণে ভাষা লিখা যায়; যি যি চিহ্নেৰে লিখা যায়, তাৰ নাম বৰ্ণ বা আখৰ৷ অসমীয়া ভাষাত এই কেইটা আখৰৰ ব্যৱহাৰ আছে৷ যথা; —অ আ ই ঈ উ উ ঋ ৠ ঌ ৡ এ ঐ ও ঔ অং অঃ৷

ক খ গ ঘ ঙ। চ ছ জ ঝ ঞ। ট ঠ ড ঢ ণ৷ ত থ দ ধ ন৷ প ফ ব ভ ম৷ য ৰ ল ব শ ষ স হ ক্ষ৷