পৃষ্ঠা:অসমীয়া ল'ৰাৰ ব্যাকৰণ.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ৩৬ ]

লয় বা যাক লয় সি (ল+ৱা) লোৱা৷ যি খায় বা যাক খায় সি (খ+ৱা) খুৱা৷ * যি যায় বা য’ত যায় সি (যা+ৱা) যোৱা। যি দিয়ে সি দিয়া ♰ নিয়ে যি সি নিয়া ইত্যাদি৷ ⚵

 কৰ্ত্তৃ বাচ্যত ধাতুৰ পাছত ঈয়া হয়৷ যথা; গোক (গরুক) ৰাখে যি সি গ’ৰখিয়া, সেই দৰে পাখীমৰিয়া, পহুমনীয়া ইত্যাদি৷

 ক্ৰিয়াৰ শেষ নোহোৱা বুঝাওঁতে ধাতুৰ পাছত ই, ওঁতে, লে, আরু লত হয়৷ এই বোৰ প্ৰত্যয় পাছত থাকিলে গুণ হয়৷ যেনে; লিখ+ই লেখি৷ যা+ওঁতে, যাওঁতে৷ খা+লে খালে৷ দেখ+লে, দেখিলে৷ ⚜ গল+লত, গলত ইত্যাদি।

 ভাৱবাচ্যত ধাতুৰ পাছত ৰ হয়৷ যেনে; যা+ব যাব, দেখ+ব, দেখিব, কৰ+ব কৰিব ☤ ইত্যাদি৷


* খা আদি কৰি কেইটা ধাতুৰ আ, উ হয়৷ই ঈৰ পাচত ৱাৰ ঠাইত য়া হয়৷
এই বিলাক পদ প্ৰায় বিশেষণ হয়৷ ইয়াৰ ক’ত কি বাচ্যে প্ৰত্যয় হ’ইছে, তাক ছাত্ৰবিলাকে আপুনি দেখুৱাই এটা এটা বিশেষ্য পদ দি সরু সরু বাক্য ৰচনা কৰিব পাৰিলে ভাল৷
ব্যঞ্জনান্ত ধাতুৰ পাছত কেতিয়া বা ই হয়৷
শিক্ষক সকলে ৰ প্ৰত্যয়ৰ উদাহৰণ এনেকৈ দেখাব৷ যথা; যাবৰ নিমিত্ত, দেখিবৰ পৰা, কৰিবলৈ গ’ল ইত্যাদি৷