পৃষ্ঠা:অসমীয়া ল'ৰাৰ ব্যাকৰণ.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ৩৭ ]

 কোনো কোনো ধাতুৰ পাছত নীয়াৰ হয়৷ যেনে; দেখিবলে ভাল এই অৰ্থত দেখনীয়াৰ৷ মাগে যি এই অৰ্থত মাগনীয়াৰ৷ খোজে যি সি খোজনীয়াৰ ইত্যদি৷

সংস্কৃতানুযায়ি কৃৎ৷

সাধাৰণ বিধি৷

 কৃৎ প্ৰত্যয় হ’লে ধাতুৰ শেষত থকা ই ঈ উ ঊ ঋ ৠৰ আরু অন্ত্য আখৰৰ আগত থকা ই উ ঋৰ গুণ হয়৷ কিন্তু ক অনুবন্ধ হোৱা প্ৰত্যৰ পাছত থাকিলে গুণ ন হয়৷

 ণ, ঞ অনুবন্ধ হোৱা প্ৰত্যয় পাছত থাকিলে ধাতুৰ অন্তে স্থিত ই ঈ উ ঊ ঋ ৠৰ উপান্ত্য অৰ বৃদ্ধি আৰু অন্ত্য য়াকাৰৰ পাছত য হয়৷

 ঘ অনুবন্ধ হোৱা প্ৰত্যয় পাছত থাকিলে ধাতুৰ অন্ত্য চ গুছি ক, জ গুছি গ হয়৷

 ধকাৰান্ত, ভকাৰান্ত আরু হকাৰান্ত ধাতুৰ পাছত হোৱা প্ৰত্যয়ৰ ত ধ হয়৷ আরু সেই অন্ত্য ধ দ হয়, ভ ৰ হয়, হ গ হয়৷ *


* রুহ গুহ আদি কেতবিলাক ধাতুৰ হ আরু প্ৰত্যয়ৰ স্থ দুয়ো মিলি চ হয়, আগৰ স্বৰদীৰ্ঘ হয়।