পৃষ্ঠা:অসমীয়া ল'ৰাৰ ব্যাকৰণ.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ৩৫ ]

 অৰ ঠাইত আ; ই, ঈ, এৰ ঠাইত ঐ; উ, ঊ, ওৰ ঠাইত ঔ আরু ঋ ৠৰ ঠাইত আৰ হোৱাৰ নাম বৃদ্ধি৷

 বিশেষ বিশেষ কাৰ্য্য সাধনৰ নিমিতে কোনো কোনো প্ৰত্যয়ৰ যি দুটা এটা আখৰ এৰা যায় সেই বিলাকক অনুবন্ধ বা ইৎ বোলে৷

কৎ প্ৰত্যয়৷

 ধাতুৰ পাছত ওঁতা হয় কৰ্তৃবাচ্যে অৰ্থাৎ কৰ্ত্তাক বুজাবলৈ। ওঁতা প্ৰত্যয় পাছত থাকিলে ধাতুৰ প্ৰায় গুণ হয়৷ যেনে; যি কৰে, এই অৰ্থত কৰ-ওঁতা, কৰোঁতা৷ যি ধৰে সি ধৰোঁতা, এই দৰে, খাওঁতা, যাওঁতা, লওঁতা, লেখোঁতা, দেখোঁতা ইত্যাদি৷ স্ত্ৰীলিঙ্গ হ’লে অতী হব৷ যেনে; কৰতী ধৰতী ইত্যাদি৷

 কাৰক রু ভাৱ অৰ্থত ব্যঞ্জনান্ত ধাতুৰ পাছত আ, আরু স্বৰান্ত ধাতুৰ পাছত ৱা হয়৷ ৱাৰ আগত থকা অ আরু আৰ ঠাইত ও হয়৷ আরু অন্য স্বৰৰ গুণ হয় বিকল্পে৷ যি কৰে নাইবা যাক কৰে সি (ক+-আ) কৰা৷ যি ধৰে বা যাক ধৰে নাইবা যি হেৰে ধৰে সি (ধৰ+আ) ধৰা৷ যি