পৃষ্ঠা:অসমীয়া ল'ৰাৰ ব্যাকৰণ.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ২৮ ]

 কেতবিলাক শব্দ কেতিয়া বা পুংলিঙ্গ কেতিয়া বা স্ত্ৰীলিঙ্গ হ'ই থাকে৷ যেতিয়া স্ত্ৰীলিঙ্গ হয় তেতিয়া কোনো কোনো প্ৰত্যয় যোগ হই কিছু রূপান্তর হয়৷

 স্ত্ৰীলিঙ্গ হ’লে অধিকাংশ অকাৰান্ত শব্দৰ পাঝত নী হয়৷ যেনে;— কলিতা কলিতানী, বরুৱা বরুৱানী, মৰীয়া মৰীয়ানী, ইত্যাদি৷

 স্ত্ৰীলিঙ্গ হ’লে ব্যঞ্জনাক্ত শব্দৰ পাছত প্ৰায় অনী আরু ঈ হয়৷ যেনে; কেওট কেওটনী, কুমাৰ কুমাৰণী, বঙ্গাল বঙ্গালনী, বামুণ বামুণী, বা বামুণনী ইত্যাদি৷

 স্ত্ৰীলিঙ্গ হ’লে উকাৰান্ত আরু ইকাৰান্ত শব্দৰ পাছত য়নী হয়৷ যেনে;— বন্ধু বন্ধুয়নী, হিন্দু হিন্দুয়নী, বাবু বাবুয়নী, মিৰি মিৰিয়নী; কেতিয়া বা নীমাত্ৰ হয়৷ যেনে;— হাৰি হাৰিণী৷

 স্ত্ৰীলিঙ্গ হ’লে কেতবিলাক শব্দৰ বহু রূপান্তৰ হয়৷ তাৰ সূত্ৰ নিদি কেৱল পদ দিয়া হ’ল৷ কি কি রূপান্তৰ হ’ল শিক্ষক সকলে তাক দেখুৱাই উদাহৰণ দিব যথা;—