পৃষ্ঠা:অসমীয়া ল'ৰাৰ ব্যাকৰণ.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ২৭ ]

আগৰ আখৰত যোগ হয়৷ যথা;— অধঃ+গতি অধোগতি, তপঃ+ধন তপোধন, মনঃ+ৰম্য মনোৰম্য, তেজঃ+ময় তেজোময়৷

 স্বৰবৰ্ণ, বৰ্গৰ তৃতীয়, চতুৰ্থ, পঞ্চম বৰ্ণ আরু য, ৰ, ল, ৱ হ পাছত থাকিলে ইকে আদি কৰি স্বৰৰ পাছত থকা কেতিয়া বা অৰ পাছত থকা ঃ (বিসৰ্গ) ঠাইত ৰ (/) ৰেফ হয়৷ যথা;– নিঃ+আমিষ নিৰামিষ দুঃ+যশস্যা দুৰ্যশস্যা, দুঃ+মতি দুৰ্ম্মতি, * দুঃ+গা দুৰ্গা, দুঃ+বাসনা দুৰ্ব্বাসনা, স্বঃ+গ স্বৰ্গ, পুনঃ+অপি পুনৰপি৷

 ক, খ, প, ফ আগত থকা ঃ (বিসৰ্গ) ঠাঁইত স হয়৷ যথা;— মনঃ+কাম মনস্কাম, দুঃ+কৰ দুস্কৰ, নিঃ+পাপ নিষ্পাপ, নিঃ+ফল নিষ্ফল৷

স্ত্ৰীলিঙ্গৰ বিশেষ বিবৰণ৷

 তিৰোতা বা তিৰোতাৰ নিচিনা শক্তি আরু গুণ বুঝোৱা পদ বিলাকক স্ত্ৰীলিঙ্গ বোলে৷ যেনে,— আই, বাই, বৌ, জিয়াৰী, বুদ্ধি, পৃথিবী লতা ইত্যাদি৷


* ৰেফৰ তলত থকা আখৰৰ কেতিয়া বা দ্বিত্ব ( দুটা ) হয়।