পৃষ্ঠা:অসমীয়া ল'ৰাৰ ব্যাকৰণ.pdf/৩৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে

[ ২৯ ]

পুংলিঙ্গ    স্ত্ৰীলিঙ্গ।
বাঘ বাঘিনী।
সিংহ সিংহিনী বা সিংহী।
ঘোৰা ঘুৰী।
কোছ কুছুনী।
ডোম ডুমুনী।
শহুৰ শাহূ।
ধোবা ধুবুনী
ডেকা ডেকেৰী ইত্যাদি।

 স্ত্ৰীলিঙ্গ হ’লে অকাৰান্ত শব্দৰ কিছুমান আাকাৰান্ত কেতবিলাক ঈকাৰান্ত হ’ই থাকে৷ যেনে, দুষ্ট, কোমল কোমলা বা কুমলী, উত্তম উত্তমা, নদ নদী, ব্ৰাহ্মণ ব্ৰাহ্মণী, সুন্দৰ সুন্দৰী, শুভঙ্কৰ শুভঙ্কৰী, স্বৰ্ণময় স্বৰ্ণময়ী ইত্যাদি৷

 স্ত্ৰীলিঙ্গ হ’লে জাতি, গুণ আরু নামবাচক শব্দৰ পাছত কেতিয়া বা জনী প্ৰত্যয় হয়৷ যেনে মানুহ মানুহজনী, গরু গরুজনী, তিৰোতা তিৰোতাজনী, চোৱালী চোৱালিজনী * সরু সরুজনী, গোলাপী৷ গোলাপিজনী, ফুটুকী ফুটুকিজনী ইত্যাদি৷


* জনী প্ৰত্যয় হলে আগৰ ঈ ই হয়৷