পৃষ্ঠা:অসমীয়া ল'ৰাৰ ব্যাকৰণ.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ১৯ ]

ইত্যাদি৷ প্ৰ, পৰা, অপ, সং, অনু, অব, নিৰ, দুৰ, অভি, অপি, বি, অধি, সু, উৎ, অতি, নি, প্ৰতি, পৰি, উপ, আ৷ এই প্ৰ আদি কৰি কুৰিটাক উপসৰ্গ বোলে৷

 যি শব্দ আন এটা শব্দৰ অনুৰূপ হয়, তাক অনুৰূপ অব্যয় বোলা যায়৷ যথা; মৰ মৰ ধূপ্‌ ধূপ্‌, থপ্‌ থপ্‌, ইত্যাদি৷

ক্ৰিয়া

 যি যি কথাই কাৰো কোনো কাৰ্য্য কৰা বুজায় সেই বিলাকক ক্ৰিয়া পদ বোলে৷ সেই ক্ৰিয়া পদেই দুবিধ৷ যথা; সমাপিকা আৰু‎ অসমাপিকা৷ যি ক্ৰিয়াপদে বাক্য শেষ বা সমাপ্ত হোৱা বুজায়৷ তাক নমাপিকা আৰু‎ যি পদে সেই ৰূপ নুবুজায় তাক অসমাপিকা ক্ৰিয়া বোলে৷ যেনে, দেখিলো, পঢ়িছোঁ, দিম ইত্যাদি সমাপিকা ক্ৰিয়া৷ দেখি, পঢ়ি, যাওঁতে, ইত্যাদি অসমাপিকা ক্ৰিয়া৷

 সেই ক্ৰিয়া আকৌ দুবিধ৷ সকৰ্মক আৰু‎ অকৰ্মক৷ কৰ্ম পদ নহʼলে যি ক্ৰিয়াৰ অৰ্থ ভাল কৈ বুজিব নোৱাৰি তাক সকৰ্মক ক্ৰিয়া; আৰু যি ক্ৰিয়াৰ কৰ্ম পদৰ আৱশ্যক নহয়, তাক অকৰ্মক ক্ৰিয়া বোলে।