পৃষ্ঠা:অসমীয়া ল'ৰাৰ ব্যাকৰণ.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ১৮ ]

অমান্য অৰ্থত।
মূলশব্দ   একবচন   বহুবচন
যি   যাক   যিহঁতক, যি বোৰক
সি   তাক   সিহঁতক
এই   ইয়াক   ইহঁতক, এই বিলাকক
কোন   কাক   কোনবিলাকক, কেতবিলাকক
তয়   তোক   তহঁতক
ময়   মোক   আমাক, আমাবিলাকক
আপোন   *   *

 ওপৰত কেৱল কৰ্ত্তা আরু কৰ্ম্মকাৰকৰ রূপ দিয়া হল, অন্য অন্য কাৰকৰ চিহ্ন যোগ হলেও এই দৰেই রূপ হব।

অব্যয়।

 যি শব্দ সদাই একৰূপ হ’ই থাকে’ বেলেগ বেলেগ রূপ ন হয়, সেই বিলাকক অব্যয় শব্দ বোলে। অব্যয় পদৰ লিঙ্গ, সংখ্যা আরু কাৰক একো নাই। যেনে; আরু, ও, ঐ, এবং, তেন্তে, যথা, তথা, সৈতে, দবে, নাইবা, না, নি, নে, নে, হুনু, যদি, কিন্তু, ইতি, নিমিত্তে, অতএব, এতেকে, কিয়নোহা, আহা, হায়, হায়, উঃ, আঃ, ইঃ, অ,