পৃষ্ঠা:অসমীয়া ল'ৰাৰ ব্যাকৰণ.pdf/২৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


ইত্যাদি৷ প্ৰ, পৰা, অপ, সং, অনু, অব, নিৰ, দুৰ, অভি, অপি, বি, অধি, সু, উৎ, অতি, নি, প্ৰতি, পৰি, উপ, আ৷ এই প্ৰ আদি কৰি কুৰিটাক উপসৰ্গ বোলে৷

যি শব্দ আন এটা শব্দৰ অনুরূপ হয়, তাক অনুরূপ অব্যয় বোলা যায়৷। যথা; মৰ মৰ ধূপ্‌ ধূপ্‌, থপ্‌ থপ্‌, ইত্যাদি৷

ক্ৰিয়া

যি যি কথাই কাৰো কোনো কাৰ্য্য কৰা বুঝায় সেই বিলালক ক্ৰিয়াপদ বোলে৷ সেই ক্ৰিয়া পদেই দুবিধ৷ যথা; সমাপিকা আরু অসমাপিকা৷ যি ক্ৰিয়াপদে বাক্য শেষ বা সমাপ্ত হোৱা বুঝায়৷ তাক নমাপিকা আরু যি পদে সেইরূপ নুবুঝায় তাক অসমাপিকা ক্ৰিয়া বোলে৷ যেনে, দেখিলো, পড়িছোঁ, দিম ইত্যাদি সমাপিকা ক্ৰিয়া৷ দেখি, পঢ়ি, যাওঁতে, গলত, ইত্যাদি অসমাপিকা ক্ৰিয়া৷

সেই ক্ৰিয়া আকৌ দুবিধ৷ সকৰ্ম্মক আরু অকৰ্ম্মক৷ কৰ্ম্মপদ ন হলে যি ক্ৰিয়াৰ অৰ্থ ভাল কৈ বুঝিব নোৱাৰি তাক সকৰ্মক আরু যি ক্ৰিয়াৰ কৰ্ম্ম পদৰ আবশ্যক ন হয়, তাক অকৰ্মক ক্ৰিয়া