পৃষ্ঠা:অসমীয়া ল'ৰাৰ ব্যাকৰণ.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ১১ ]

 কোনো কোনো ক্ৰিয়াৰ দুটা দুটাকৈ কৰ্ম্মপদ থাকে৷ যেনে; আজি পণ্ডিতে মোক এই পুথীখন পঢ়ালে৷ বাইয়ে তাক ভাত খুৱাইছে৷ ময় জীবৰামক এই কথা ক'লোঁ ইত্যাদি৷ এই বিলাকক দ্বিকৰ্মক ক্ৰিয়া বোলে৷

কৰণকাৰক৷

 কৰ্ত্তাই যাৰে ক্ৰিয়া কৰে, তাক কৰণকাৰক বোলে৷ কণকাৰকত ৰে, দি, দ্বাৰা, কৰ্ত্তৃক প্ৰভৃতি শব্দযোগ হয়৷ যেনে; কাপ্টো ভৰিৰে ভাঙ্গিলে৷ তঁহতে জাঠিৰে কুকুৰটোক মাৰিলি, হঁক৷ বিদ্যাদ্বাৰা বৰ উপকাৰ হয়৷ ইয়াত ভৰিৰে, জাঠিৰে, বিদ্যাদ্বাৰা কৰণপদ৷

সম্প্ৰদানকাৰক

 যাক দিয়া যায় বা দিবলৈ মন হয়, তাক সম্প্ৰদানকাৰক বোলে৷ সম্প্ৰদানকাৰকত ক যোগ হয়, যথা; বামুণক দক্ষিণা দিয়া৷ ময় কণাটোক এখন ফটা কাপৰ দিম৷ যদি থাকিলহেঁতেন তেনে হলে তঁহতক কেইটা মান বগৰি দিলোহেঁতেন; ইয়াত বামুণক, কণাটোক, তহঁতক সম্প্ৰদান-পদ৷ *


* কেতিয়া বা সম্প্ৰদানত লৈ যোগ হয়৷ যেনে; বামুণক দিয়া কুকুৰলৈ দিয়া ইত্যাদি৷