পৃষ্ঠা:অসমীয়া ল'ৰাৰ ব্যাকৰণ.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ১০ ]

কাৰক৷

 ক্ৰিয়াৰে সৈতে যাৰ সম্বন্ধ থাকে তাৰ নাম কাৰক৷ সেই কাৰকেই ছয় প্ৰকাৰ৷ যেনে; কৰ্ত্তা, কৰ্ম্ম, কৰণ, সম্প্ৰদান, অপাদান, অধিকৰণ৷

কৰ্ত্তাকাৰক৷

 যি কৰে সি কৰ্ত্তাকাৰক, কৰ্ত্তাকাৰকত এ, যে আরু ই যোগ হয়; আরু কোনো কোনো শব্দ এনেই থাকে৷ যথা; —মানুহে কলে, গরুয়ে খালে, তাই দেখিছিল, বেলি উঠিছে, পানী পৰিছে৷ ইয়াত মানুহে, গরুয়ে, তাই, বেলি আরু পানী কৰ্ত্তাকাৰক৷

কৰ্ম্মকাৰক৷

 ক্ৰিয়াৰ ফল য’ত ফলে অৰ্থাৎ যি দেখা যায়, কৰা যায়, থোৱা যায় প্ৰভৃতিক কৰ্ম্ম বোলে। কৰ্ম্মপদত ক আরু কে যুক্ত হয়; কেতবিলাক বা এনেই থাকে৷ যেনে; তয় হৰিক মাতি আন গই৷ সি ল’ৰাবিলাকক পঢ়াব৷ ময় ম’হটকো বান্ধিলোঁ৷ গ’রুয়ে ধান বোৰ খালে৷ সাহেবে বাঘ মাৰিলে৷ ইয়াত হৰিক, ল’ৰাবিলাকক, ম’হটক, ধান বোৰ আরু বাঘ কৰ্ম্মপদ৷