পৃষ্ঠা:অসমীয়া ল'ৰাৰ ব্যাকৰণ.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ১২ ]

অপাদান-কাৰক৷

 যাৰ বা য’ৰ পৰা যোৱা আরু লোৱা যায়, নাইবা ভয় পোৱা হয়, তাক অপাদান-কাৰক বোলে৷ অপাদানকাৰকত পৰা শব্দ কেতিয়া বা হন্তে শব্দ যোগ হয়৷ যেনে; হাতৰ পৰা কাপটো পৰিল৷ মিনাইয়ে ঘৰৰ পৰা ওলাই গ’ল৷ গছৰ পৰা ফুল আনিলোঁ৷ ন’ইৰ পৰা পানী আন গই৷ বতাহৰ পৰাহে ভয় খালোঁ৷ বৃক্ষ হন্তে ফল পৰে ইত্যাদি৷

অধিকৰণ৷

 যি ক্ৰিয়াৰ আধাৰ হয়, তাক অধিকৰণকাৰক বোলে৷ অধিকৰণকাৰকত ত, তে, আরু এ যোগ হয়৷ যথা; পথাৰত ধান হইছে৷ গছত ফুল ফুলিছে৷ দুষ্ট ল’ৰাই ধেমালিতহে ৰঙ্গ পায়৷ বাটতে দেখিলোঁ৷ আদিতে কেইটিমান উপদেশ দিওঁ, তাতে ৰামে উত্তৰ দিলে, অধ্যাপকৰ ঘাটে পানী আনিবলৈ যাম৷

 ইয়াত বাজে সম্বন্ধ, সম্বোধন, হেতুবাচক আদি কৰি কেতবিলাক পদ আছে, কিন্তু সেই বোৰক কাৰক নোবোলে৷