পৃষ্ঠা:অসমীয়া ল'ৰাৰ ব্যাকৰণ.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অৰ্থত্‌‌‌‌) ল’ৰা য’ত ইত্যাদি ঠাইত কণ্ঠৌষ্ঠ উচ্চাৰণ৷ যি ঠাইত কণ্ঠৌষ্ঠ্য উচ্চাৰণ হয়, ত’তে অকাৰৰ ওপৰতে (,) এনে কামাৰ নিচিনা এটা চিন দিব লাগে৷

 যদিও শ, ষ, স এই তিন আখৰৰ উচ্চাৰণৰ ঠাই বেলেগ বেলেগ বুলি লিখা হ’ইছে কিন্তু চলতি ভাষায় হ’লে এই তিনটাৰ উচ্চাৰণ একে ঠাইৰ পৰা অৰ্থাৎ কেৱল মূৰৰ পৰাহে হয় যেনে, শৰণ, আকাশ, সকলো সময় ইত্যাদি৷ ষ ৰ উচ্চাৰণ কঠিন রূপে হয়, যেনে; ভাষা, বিষয়া, ইত্যাদি৷ কিন্তু ব্যঞ্জনবৰ্ণ আরু ঋবৰ্ণেৰে সৈতে যুক্ত হ’লে এই বিলাকৰ উচ্চাৰণ প্ৰায় তালুৰ পৰা হয়৷ যেনে; ঈশ্বৰ, বিশৃঙ্খলা, বিষ্ণু, কৃষ্ণ, বিস্ময় ও বিস্তৃতি ইত্যাদি৷

 ভিন্ন দেশীয়, ভাষাত থাকিলে অনেক ঠাইত এই বিলাক আখৰৰ উচ্চাৰণ কোনো কোনো অল্পপ্ৰাণ তালব্য বৰ্ণ ( চ ) দৰে হয়৷ * যেনে; সাহাব, মুন্‌সি, রুশিয়া, ইত্যাদি৷ কোনো


হোৱা, যোৱা, বৰুৱা প্ৰভৃতি এনে কেতবিলাক কথা আছে যাৰ উচ্চাৰণ এই বৰ্ণমালাৰ আখৰেৰে সৈতে নিমিলে৷ সেই