পৃষ্ঠা:অসমীয়া ল'ৰাৰ ব্যাকৰণ.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ৭ ]

কোন ঠাইত আপোন উচ্চাৰণ নেৰেয়ো৷ যেনে; সদৰ আামিন, শমন, ইত্যাদি৷

পদ্‌প্ৰকৰণ৷

 এটা কি অধিক আখৰ যোগ হই কোনো অৰ্থ প্ৰকাশ কৰিলে তাক পদ বা কথা বোলে৷ যথা; অ + ক্‌ + অ + ল্‌ + অ = অকল৷ আ + ম্‌ + ই = আমি৷ প্‌ + উ + স্‌ + ত্‌‌‌‌ + ক্‌ + অ = পুস্তক৷

 সেই পদেই পাঁচপ্ৰকাৰ যেনে; বিশেষ্য বিশেষণ, সৰ্বনাম, অব্যয় আরু ক্ৰিয়া৷


দেখি কোনোৱে হোয়া, যোয়া বরুয়া আৰু কোনোৱে, হোৱা, যোৱা, বরুৱা এনেকৈ লিখে। অল্পমনদি শুনিলে বুঝিব পাৰি যে, ইহাৰ ক’তো উপান্ত্য বৰ্ণ উচ্চাৰণ ঠিক হোৱা নাই৷ বেয়া দিয়া কৰতোয়া প্ৰভৃতি কথাত উপান্ত্যবৰ্ণৰ (য়ৰ) যেনে উচ্চাৰণ, যোয়া হোয়া বরুয়া লিখিলে য়ৰ উচ্চাৰণ তেনে নহয়৷ পক্ষান্তৰে জীৱন ব্যৱহাৰ প্ৰভৃতি কথাত য়ৰ উচ্চাৰণ যিঠাইৰ পৰা হয়, হোৱা যোৱা বরুৱা লিখিলে ৱৰ উচ্চাৰণ সেই ঠাইৰ পৰা ন হয়৷ সুতৰাং এই বৰ্ণমালাৰ যেনে উচ্চাৰণ প্ৰসিদ্ধ আছে তাকে ঠিক কৰি আনি এই বিলাক কথা লিখিব নোৱাৰি৷ এতেকে আমি সেই বিচাৰফালে নগই পুৰণি পুথীত যেনে বৰ্ণ বিন্যাস আছে, তাকে ঠিক ৰাখিলোঁ। প্ৰায় ১০০ বছৰৰ পুৰণি পুথীত কোৱা যোৱা এনে কুৱা বৰ্ণবিন্যাস দেথা হইছে৷

✝ এই দৰে কথাৰ আখৰ বোৰ বেলেগ বেলেগ কৰি দেখুৱাৰ নাম বৰ্ণবিন্যাস বা নাম খৰি৷