পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ২৯ )

তোমাৰ বাট দেখুৱা আৰু তোমাৰ আজ্ঞা পালন কৰিবলৈ শিকোৱা।

————

মাতৃ ভক্তি।
FILIAL DUTY.

 ৰোম দেশৰ এক বিচাৰ কৰ্ত্তাই এজনি ভাল মানুহৰ তিৰোতাক বৰ দোষৰ নিমিত্তে বধ কৰিবলৈ চাওড়াঙ্গক আজ্ঞা দিলে।

 চাওড়াঙ্গে তাই ভাল মানুহৰ তিৰোতা দেখি তেতিয়াই নেমাৰি বন্দিশালত এই মনেৰে থলে বোলে এই মানুহৰ আগত অসম্ভ্ৰমকৈ মৰাতকৈ বন্দিশালত খাব নিদিলে আপুনি মৰিব; কিন্তু সি তাইক চাবলৈ তাইৰ জিয়েক- ক সদাই জাব দি সোমাওঁতে মাকলৈ কিবা খাবৰ বস্তু নিয়ে বুলি ভালকৈ গা বিচাৰি হে ভিতৰলৈ জাব দিচিল।

 জিয়েক ভালেমান দিনলৈকে এনেকৈ গৈ আছিল আরু অনেক দিন এনেকৈ গল তেও সেই তিৰোতা জনি নমৰিলত সেই চাওড়াঙ্গে ভাবিলে বলে, ইমান দিন খাবলৈ নেপাইও এই কিয় নমৰে? এই কথা গুনি চাই সি জিয়েক মাকৰ তলৈ জাওঁতে মনে২ চালত দেখিলে যে নিলৈতৌ জিয়েক, আহি মাকক তাইৰ পিয়াহ খুৱাই ইমান দিনলৈকে

নমৰাকৈ, ৰাখিচে।