পৃষ্ঠা:অমূল্য ৰত্ন.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অমুল্য ৰত্ন

শঙ্খ গুৰু চক্ৰে দেৱ বুলিয়া কহিলা।
গদা নাম পদ্মে ভক্ত বুলি শিক্ষা দিলা॥২৯৩
যিটো পূৰ্ণ ব্ৰহ্ম তুমি জগত কাৰণ।
গুৰুৰূপে সবে বাপ দিলা ভক্তি দান॥
শঙ্খে গুৰু ভৈলা হেন কিমতে জানিবো।
কেন মতে চক্ৰে দেৱ তাহাক মানিবো॥২৯৪
গদা নাম ভক্তে পদ্ম বুলি মোত কৈলা।
চাৰি অস্ত্ৰে চাৰি বস্তু কেন মতে ভৈলা॥
ছেদিয়ো সংশয় মোৰ গুৰু কৃপাময়।
যেন মতে চাৰি ভক্তি শুনিয়ো নিশ্চয়॥২৯৫
শুনিয়া শঙ্কৰে পাছে বুলিলা দুনাই।
কহিবো কাৰণ তুমি শুনা অভিপ্ৰায়॥
চাৰিয়ো নামৰ চাৰি অস্ত্ৰ সেৱা কৈলা।
সেৱাৰ নিমিত্তে ভিন্ন ভিন্ন নাম ভৈলা॥২৯৬
দৃষ্টান্ত প্ৰকাৰে তুমি ইহাক জানিবা।
মূল বস্তু ভৈলা হেন আক নুবুলিবা।।
আত অনন্তৰে কথা শুনি মন কৰি।
গদ সাত্যকিয়ে পূৰ্ব্বে আছে যেন কাৰি॥২৯৭
যদুবংশে নিৰ্জ্জান যে ভৈলা যিকালত।
তুমি কৃষ্ণে তাসম্বক বধিলা বহুত॥
মহা মতোয়াল হুয়া বাধা নুশুনিলা।
মহামদে দুইকো দুই চৰণ তুষিলা॥২৯৮
সেহি পাপ ফলে দুইৰো গায়ে ব্যাধি হৈবো।
আত কিঞ্চিতেকো লোকে শঙ্কা নকৰিবো॥
কৃষ্ণ পূৰ্ণ তাৰ সবো অংশ আতিশয়।
সি কাৰণে তাসম্বাৰ ভৈলা দাস চয়॥২৯৯
কৃতাঞ্জলি কৰি স্তুতি মাধৱে বোলন্ত।
আৰু এক কথা কহা অচ্যুত অনন্ত॥

৪৬