পৃষ্ঠা:অমূল্য ৰত্ন.pdf/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অমূল্য ৰত্ন

মহা ভয়ে দ্বিজে পাছে সুধিলন্ত কথা।
ইটো তৈল তাওয়াইছা কি কাৰণে এথা॥২৫১॥
হেন শুনি তাৰা সবে দিলন্ত উত্তৰ।
শাস্ত্ৰ গৰ্ব্বে শঙ্কৰক নিচিনে বৰ্ব্বৰ॥
বহু বিধ বাদ কক্ষা কৰে শঙ্কৰত।
পেহলাইবোহো তাক এই তপত তৈলত॥২৫২
হেন শুনি ব্ৰাহ্মণৰ ভয় সম্পজিলা।
মিনতি কৰিয়া বাক্য বুলিবে লাগিলা॥
কি মতে ইহাৰ হাত এৰাইবো ইবাৰ।
কহিয়োক তোৰা সবে ইটো তত্ত্ব সাৰ॥২৫৩
শুনি তাৰা সবে তাঙ্ক বুলিলা দুনাই।
শঙ্কৰত শৰণ হোৱাহা তুমি যাই॥
হেন বাক্য দ্বিজবৰে স্বপ্নে শুনিলন্ত।
প্ৰভাততে মোতে গৈয়া শৰণ লৈলন্ত॥২৫৪॥
ভক্তি ভাৱে পুনৰপি মাধৱে বুলিলা।
জানিলোহো মোত গুৰু দেৱ তুষ্ট ভৈলা॥
পৰম ৰহস্য কথা পুছিবাক চাওঁ।
তোমাৰ মুখৰ বাপ যেবে আজ্ঞা পাওঁ॥২৫৫॥
ইটো শুদ্ধ ধৰ্ম্ম ধৰি কোন পথে যাই।
স্বৰূপ কৰিয়া প্ৰভূ কৈয়ো অভিপ্ৰায়॥
হেন শুনি গুৰু পাছে দিলা সমিধান।
ইটো শুদ্ধ ধৰ্ম্ম নৌকা নামে মহাজান॥২৫৬॥
ইটো অৱতাৰ গুৰু কি কাৰণে ভৈলা।
নৌকাৰ গৌৰত গুৰু কৰ্ণধাৰ ভৈলা॥
অনুকুল বায়ু ভৈলা দৈৱকী তনয়।
ধৰ্ম্মে নৌকাধ্বজ আক জানিবা নিশ্চয়॥২৫৭
পৰি পাত জানা তাত একান্ত ভকত।
ছত্ৰয়ে আসন ভৈলা জানিবা নাৱত॥

৪০