পৃষ্ঠা:অমূল্য ৰত্ন.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অমূল্য ৰত্ন

শুনিয়া শঙ্কৰে পাছে বুলিলা বচন।
আৰু শুনা কহো মই স্বৰূপ বচন॥ ৯৭॥
যিটো ব্ৰহ্ম বিৰাট পুৰুষ ভগৱন্ত।
ব্ৰাহ্মণ ক্ষত্ৰিয় চাৰি বৰ্ণ স্ৰজিলন্ত॥
সেহিসে কাৰণে ইন্দ্ৰে কুৰ্ম্মকে প্ৰাৰ্থিলা।
নৃপতিৰ মনপূৰি দাৰুব্ৰহ্ম ভৈলা॥ ৯৮॥
আপোনাক আনি যেবে মনত মানিলা।
পূৰ্ণ জগন্নাথ হেন মনত জানিলা।
ব্যাসে আসি জগদীশ মিশ্ৰ যে ভৈলন্ত।
আমাৰ আগত ভাগৱত কহিলন্ত॥৯৯॥
হেন শুনি পুনৰপি বুলিলা বচন।
লোক মুখে বেকত কৰাইলা কি কাৰণ॥
আপুনি নিৰ্ম্মিলা যত যত শাস্ত্ৰ চয়।
কিকাৰণে লোক মুখে শুনিবে লাগায়॥ ১০০॥
মোক ব্ৰহ্ম বুলি জানিবেক সৰ্ব্বজন।
লোক মুখে বেকত কৰাইলো সিকাৰণ॥
ভূজঙ্গ শয্যাত যিটো কৰন্ত শয়ন।
সমস্তকে লৈয়া থাকা নাথ নাৰায়ণ॥১০১।
মোত কহিয়োক কথা প্ৰভূ ভগৱন্ত।
কোন ভক্ত কোন হুয়া অহিতে আছন্ত।
কৃষ্ণ অৱতাৰে ৰূক্মিণীৰ বিবাহত।
ব্ৰহ্মা আসি পুৰোহিত ভৈলন্ত তথাত॥১০২॥
অহিতে আসিয়া ৰাম ৰাম গুৰু ভৈলা।
পুৰোহিত কৰ্ম্ম যত তেহন্তে কৰিলা॥
দশ পঢ়া ৰাগ গৌৰী শিৱ যে ভৈলন্ত।
গৰ্গ ঋষি আমাৰ জাত কৰ্ম্ম কৰিলন্ত॥ ১০৩॥
মহেন্দ্ৰ কন্দলি নাৰদে আসি ভৈলা।
আমাক সকল শাস্ত্ৰ তেহে পঢ়াইলা॥

১৫