পৃষ্ঠা:অমূল্য ৰত্ন.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অমূল্য ৰত্ন

মহা শুদ্ধ মতি স্বধৰ্ম্মক প্ৰবৰ্ত্তাইব।
কোপ তাপ দোষে তাঙ্ক একোৱে নুচুইব॥৬২॥
হৰত বাঞ্চিলা বৰ সিংহাসন মনে।
এক বৰ বাঞ্চাই আসি ভৈলন্ত অৰ্জ্জুনে॥
আমাৰ বংশত ধনঞ্জয় জন্মিবেক।
নৱবিধ ষষ্ঠ যে বংশৰ থাকিবেক॥ ৬৩॥
তাহান সুকৃতি ঘুষিবেক সৰ্ব্বজন।
আমাৰ পাশক পাইৱন্ত তেতিক্ষণ॥
ধনঞ্জয় সখি জানা মোৰ জীৱ প্ৰাণ।
মোৰ নিকটত নিয়া তাঙ্ক দিব থান॥৬৪॥
তান গৰ্ভে অনিৰুদ্ধ জন্মিব আপুনি।
দামোদৰ নাম তান হৈব মহামানী॥
এতেকেসে দুয়োকুলে আইলা ইটো ঠাই।
দামোদৰ বীৰ্য্যে জন্ম যুধিষ্ঠিৰ ৰাই॥ ৬৫॥
সৰ্ব্বক্ষণে তান মন নুহিবেক কোপ।
কৃষ্ণত ভকত তান নাহি হৃদি তাপ॥
ৰমাকান্ত নামে তান জগততে সাৰ।
শৰীৰত নাথাকিব দুৰ্ম্মতি তাহাৰ॥৬৬॥
যিটো যুধিষ্ঠিৰক দেখিলে হৰে পাপ।
সিকাৰণে তাহান যে নাহি হৃদি তাপ॥
মহাশুদ্ধ মতি তেহে মিছা মাতিলন্ত।
কিন্তু অশ্বত্থামা গজ তেহে বুলিলন্ত॥ ৬৭॥
সেহি পাপ ফলে তান আসি লাগ লৈব।
মহা বৈৰী চিন্তা তান সদায়ে সহিব॥
য'তো আসি আমাৰ যে বংশে জন্ম হৈব।
সহদেৱ অংশে জান। বিষ্ণু যে বুলিব॥ ৬৮॥
অভিমন্যু অংশে আমি আৰ যেন যাই।
মহাশান্ত মতি আৰ হৈব হৰি ৰাই॥

১০