পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গুহ চণ্ডালৰ বৃত্তান্ত।

পুষ্যা নক্ষত্ৰত দশৰথ মহাবীৰ।
চাৰি পুত্ৰ সমে গৈলা ভাগীৰথী তীৰ।
স্নান দান তৰ্পণ কৰিয়া নৃপবৰ॥
দেৱ ঋষি পিতৃক তৰ্পিল নিৰন্তৰ॥
শুনিয়োক আত পৰে অদ্ভুত কথন।
সৈন্যে সমে ভৈল তৈত যেন মহাৰণ ॥
পৰম দৰ্পিষ্ট সৃষ্ট পুষ্ট কলেৱৰ।
সেহি সময়তে মিলিলেক অথান্তৰ॥
পূৰ্ব্বত ব্ৰাহ্মণ আসি অধৰ্ম্ম কৰিল।
সেহি পাপে চণ্ডাল যোনিত উপজিল॥
গুহ নামে ভৈল সিতো ৰাজা চণ্ডালৰ।
সেহি সময়ত লৈয়া সেনা নিৰন্তৰ ॥
দশৰথ দেখে নৃপতি নগণি মনত।
চণ্ডাল কৰিল,স্নান গঙ্গাৰ জলত॥
দশৰথে দেখে অহম্মৰ চণ্ডালৰ।
ধৰি আনিবাক আজ্ঞা দিলা নৃপবৰ॥
শুনি গুহ নৃপতিৰ ক্ৰোধ সব ভৈল।
অনেক চণ্ডাল সমে যুজিবাক লৈল॥
দশৰ নৃপতিৰ কটক অপাৰ।
দুয়ো সেনা অন্যো অন্যে কৰে ধৰ মাৰ ॥
লাগিল সমৰ ভাগীৰৰ্থী তীৰ যুৰি।
উভয় কটকে লগাইলেক হুৰাহুৰি॥
অনেক কটক বেঢ়ি কৰে হুলস্থূল।
পৰম দোৰ্ঘোৰ ৰণ মিলিল তুমুল॥