পৃষ্ঠা:Su swasthyar aadhar.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আয়ুর্বেদিক চিকিৎসাত অনুপানৰ ভূমিকা অনুপান মূখ্য ঔষধি সেৱনৰ লগত বা পশ্চাতত কোনাে ঔষধি পানীয় ব্যৱহাৰ কৰিলে তাক অনুপান বুলি কোৱা হয়। অনুপান ও মূখ্য ঔষধি সেৱনৰ লগত বা পশ্চাতত কোনাে ঔষধি পানীয় ব্যৱহাৰ কৰিলে তাক অনুপান বুলি কোৱা হয়। কেতিয়াবা সুস্বাস্থ্য পাবলৈও কোনাে ঔষধি পানীয়ক আহাৰ বা কোনাে লিখিত ঔষধৰ লগত ব্যৱহাৰ কৰিলে তাক অনুপান বুলি কোৱা হয়। অনুপান আয়ুর্বেদিক চিকিৎসাৰ বিশেষজ্ঞৰ এক পৰিচিত পানীয় ঔষধি দ্রব্য যাৰ ব্যৱহাৰে ৰােগীক ব্যৱস্থাপনাত দিয়া ঔষধৰ লগত ব্যৱহাৰ কৰিলে ৰােগীৰ ৰােগ নাশ কৰাত বিশেষ ভূমিকা লয়। ইয়াৰ ব্যৱহাৰেৰে শৰীৰৰ ওপৰত কৰা ক্রিয়া বৃদ্ধি পায় আৰু কম সময়ৰ ভিতৰতে ৰুগীয়ে আৰােগ্য লাভ কৰে। কোনাে কোনােৱে ইয়াক যােগবাহীবুলি মানি লয়। সাধাৰণতে পােৱা আৰু সঘনে ব্যৱহাৰ হােৱা কিছু অনুপানৰ বিষয়ে জানিবলৈ চেষ্টা কৰােআহক। ক) উষ্ণ জল ঃ গৰম বা উষও জলক প্রধান অনুপান হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াক ব্যৱহাৰ কৰিলে কফনাশ হয়, পিঢ়ানাশ