পৃষ্ঠা:Su swasthyar aadhar.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হয়, স্বাস কাস, মেদ বৃদ্ধি আদি ৰােগত লাভ দায়ক ফল পােৱা যায়। ঙ) তুলসী পত্ৰ ৰস ঃ তুলসী গছক বনৌষধিৰ ৰাণী বুলি জনা যায়। ইয়াৰ পাতৰ ৰসক জ্বৰ, কাহ, চর্দি, কণ্ঠ ফোলা, চর্ম ৰােগ, মূৰ বিষ, দন্ত বিষ, কেন্সাৰ, ব্যাধি ক্ষমতা বৃদ্ধি আদিত অকলে বা অন্য ঔষধৰ লগত অনুপান হিচাপে ব্যৱহাৰ কৰিলে সুফল পােৱা যায়। খ) মধু (মৌ)ঃ সকলাে প্ৰকাৰৰ ৰসঔষধি বা বানস্পতি ঔষধৰ লগত মধু ৰস ব্যৱহাৰ কৰিলে ঔষধি গুণ বৃদ্ধি হয় আৰু ৰােগীৰ কম সময়ৰ ভিতৰতে নাশ হয়। চ) হালধি ঃ ইয়াক সকলাে ধৰণৰ চৰ্ম ৰােগ, ঘা, ফোঁহা, যকৃত বৃদ্ধি, উচ্চ ৰক্তচাপ, অংগ ফুলা, কেন্সাৰ ব্যাধি ক্ষমতা বর্ধক আদি ৰােগত অনুপান হিচাপে ব্যৱহাৰ কৰা হয়। গ) ঘৃতঃ সকলাে ধাতু ভস্ম বাৰসঔষধিৰ লগত ঘৃত অনুপান হিচাপে ব্যৱহাৰ কৰিলে ঔষধৰ গুণগত মান উন্নত হয়। আৰু ধাতু বা ৰস ঔষধিৰ পার্শ্বক্রিয়া নােহােৱা হয়। ঘ) দৈ পানী/তক্রঃ ৰস ঔষধি বা অন্যান্য ভৈষয্য কল্পনাৰ লগত তক অনুপান হিচাপে ব্যৱহাৰ কৰিলে সুকলমে ৰােগ ছ) কণ্টকাৰি ওই অনুপান হিচাপে ব্যৱহাৰ কৰিলে জ্বৰ, কাহ, পিঢ়া, বৃক্কাস্মৰি, ৰক্ত শােধক, সন্ধি শােথ আদিত লাভজনক হয়। নির্মল হয়। ৩৪