পৃষ্ঠা:Su swasthyar aadhar.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৬। তিতা আৰু কেঁহা খাদ্য খােৱাৰ আৰম্ভণিতে আৰু মিঠা খাদ্য আহাৰৰ শেষত সেৱন কৰিব নালাগে। ১৭। ক’লা জালুকৰ লগত কেতিয়াও মাছ। বনাই খাবনালাগে। ১৮। খুব গৰম লগা অৱস্থাত বা গৰমেৰে গ্রাসিত মানুহে মৌৰ সেৱন কৰিব নালাগে। ৬। আমিষ খাদ্য মৌ, মূলা, অংকুৰিত বুট, মগু ইত্যাদি আৰু গাখীৰৰ লগত খােৱাতাে ক্ষতিকাৰক। ৭। মূলা, কঁঠাল, মাছ, কাছ আদি মাটি- মাহৰ লগত খােৱাতােক্ষতিকাৰক। ৮। কল আৰু দৈ, খেজুৰ, কলা জালুক আৰু মাছ, গাখীৰ আৰু এলকহল একেলগে সেৱন ক্ষতিকাৰক। ৯। সম পৰিমাণৰ মৌ আৰু ঘি একেলগে খাবনালাগে। ১০। ঘি কাঁহৰ পাত্ৰত ১০ দিনৰ অধিক ৰাখিলে ই বিষতুল্য হয়। সেয়েহে ঘি সদায় ষ্টিল বা কাঁচৰ পাত্ৰত ৰাখিব লাগে। ১১। পালেং শাক আৰু সৰিয়হৰ বীজ একেলগে খালে ডায়েৰিয়া হােৱাৰ সম্ভাৱনা আছে। ১২। ৰন্ধা খাদ্য আৰু কেঁচা খাদ্য একে লগে পৰিবেশন কৰিব নালাগে। যেনে ৰন্ধা খাদ্য আৰু চালাদ। আমি বিৰুদ্ধ আহাৰৰ এই নিয়মবিলাক ঠিকমতে মানি নচলিলে আমাৰ নানান ধৰণৰ এলার্জীজনিত ৰােগ, হজম শক্তিৰ বাধাগ্রস্থতা, বিভিন্ন Auto immune disease, বন্ধাত্ব (Infertility), বিভিন্ন মানসিক ৰােগ, মৃগী বেমাৰ আৰু Irritable bowel syndrome 7 নিচিনা জটিল ৰােগ হ'ব পাৰে। ১৩। মাছ আৰু গাখীৰ একেলগে খালে শৰীৰৰ নলীকা বিলাকৰ ভিতৰত বাধাগ্রস্থতা আহে আৰু তেজ দুষিত হয়। ১৪। গৰম চাহ বা কফি খাই উঠি লগে লগে ঠাণ্ডা পানী খাবনালাগে। ১৫। জটিল কার্বহাইড্রেটযুক্ত খাদ্য যেনে খিচিৰিৰ লগত কণী, কল আৰু খেজুৰ খাব নালাগে।