(ৱেলছ্ দেশৰ সাধু)
ভেঁটফুল কেনেকৈ সৃষ্টি হ’ল?
ৱেলছ্ এখন সৰু দেশ, ইংলেণ্ডৰ পশ্চিমে। সেই দেশৰ সাধু এটা ক'ব খুজিছোঁ। এজন খেতিয়কৰ পুতেকৰ নাম হুৱাও। ল’ৰাটোৱে বীণ বজাই খুব ভাল পায়। বিদ্যালয় বুলিলে তাৰ বাঘৰ সমান ভয়। নাযায়, তাতকৈ বীণ বজাব। সি থাকে মাকৰ সৈতে। ঘৰ যিটো, জৰাজীৰ্ণ জুপুৰি। কাষতে আছে পৰ্বত এখন। প্ৰত্যেক দিনে পুৱা মাকৰ ক’লী, বগী গাইবোৰ লৈ পৰ্বতৰ ওপৰত সিহঁতক চৰাবলৈ লৈ যায়। তাতে এটা হ্ৰদ আছে, হ্ৰদৰ কাষতে আছে এখন সেউজ ঘাঁহনি। গতিকে এই ঘাঁহনিতেই ঘাঁহ খাই গৰুবোৰে দিনটো কটায়।
এদিন হুৱাৱে হ্ৰদৰ পাৰত গৰু চৰাই আছে। সি তাৰ বীণখন লৈ সুৰৰ মূৰ্চ্ছনা তুলিলে আপোন মনে। কি আচৰিত কথা, সুৰৰ মূৰ্চ্ছনাৰ লগে লগে হ্ৰদটোৰ পানীৰ তলৰপৰা দুজনী ৰূপালী গাইগৰু পাৰত উপস্থিত হ’ল। সিহঁতে হুৱাওৰ বীণৰ ৰাগ শুনি শুনি তাৰ চাৰিওফালে গোট খালে। ৰ’দত গাইকেইজনীৰ পিঠিবোৰ তেল পৰি পিছলা যেন লাগিছিল; একেবাৰে চিকচিকীয়া। গধূলি গাই দুজনী হুৱাওহঁতৰ বাকীবোৰ গাইৰ সৈতে গোহালিলৈ পাছ ল’লে। হুৱাওৰ মাকে ক'লে—ঘৰলৈ লখিমী আহিছে। ওচৰ-চুবুৰীয়াক ইয়াকো ক'লে যে ইমান ডাঠ গাখীৰ আমাৰবিলাক গৰুৱে নিদিয়ে; দিয়েও দুগুণ দুগুণ।
সকলো ঠিকে-ঠাকেই চলি আছিল। পিছে তাৰ মাজতে অথন্তৰ এটা ঘটিল। এই দুজনী গৰুৰ মাজৰে এজনীয়ে গাখীৰ দিবলৈ এৰি দিলে।