এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৭৪
[ ঘোষা ৯৯৪
নামঘোষা
পাপ-বিপক্ষক সংহৰি হৰিৰ নামে খলখলি হাসে।
সকলে সুখৰ উপৰে বসিয়া হৰিৰ নাম প্ৰকাশে॥ ১৯৪
মুকুতি-সুখক বশ্য কৰি হৰি-নামে আনন্দত নাচে।
পুৰুষে সহিতে সখিত কৰিয়া চলয় হৰিৰ কাছে।৷ ১৯৫
আপুন নামৰ মহিমা দেখিয়া হৰিৰ আনন্দ চড়ে।
যিটো নাম লয় হৰি তাৰ হয়
ই পুনু ৰহস্য বৰে। ১৯৬
হৰি-গুণ-নাম ভাবিয়া পুৰুষে
ৰহয় হৰিৰ পাশে।
হৰিৰ চৰণ হৃদয়ে ধৰিয়া
কহয় মাধৱ দাসে॥ ৯৯৬ক
খেদ
ঘোষা।৷ এ ভাৱক ভাই ভজ ভগৱন্ত ভকতিভাৱে।
ভগৱন্ত ভজিয়া পৰম গতি পাৱে।৷ ৯৯৭
পদ॥ ভগৱন্ত নভজি চলয় যম-ঠাৱে।
ভগৱন্ত-ভকতক শমনে নধাৱে।। ৯৯৮
ভগৱন্ত ভজিয়া জনম বাহুড়াৱে।
আন যত সৱে মিছা ভক্তিৰ অভাৱে॥৯১৯
জানিয়া ভজিয়ো ভাই ভগৱন্ত পাৱে।
এহু ৰস মাধৱ মুৰুখমতি গাৱে॥ ১০০০
॥ কৃষ্ণায় নমঃ।৷