এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ঘোষা ২৭২]
৭৪৭
খেদ
যিজনে কেৱলে হৰি-নাম লৱে
পুৰুষ সিসি চতুৰ॥ ২৬৮
বিষয়-সম্বন্ধ ইন্দ্ৰিয়ৰ সুখ
সমস্ত যোনিতে পাই।
পৰম দুৰ্ল্লভ হৰিৰ ভকতি
মনুষ্যত পৰে নাই॥ ২৬৯
মনুষ্য-জনম লভিবাৰ ফল
হৰিৰ কীৰ্ত্তন মাত্ৰ।
হৰিৰ কীৰ্ত্তন কৰি মহাসুখে
হোৱে ভকতিৰ পাত্ৰ॥ ২৭০
হৰি-গুণ-নাম- শ্ৰৱণ-কীৰ্ত্তনে
কৰয় চিত্ত নিৰ্ম্মল।
হৰিৰ চৰণে কেৱলে ভকতি
লভিবাহা সুমঙ্গল॥ ২৭১
খেদ
কাল-গ্ৰস্ত হুয়া ভৈলো অচেতন
বয়স গোৱাইলো হেলে।
বান্ধৱ কৃষ্ণৰ নামক নলৈলো
হৰি-ভকতৰ মেলে॥ ২৭২
পা*॥ বয়স—বছৰ। গোৱাইলো—গমাইলো।