এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
নমস্কাৰ
মৎস্য কুৰ্ম্ম নৰসিংহ বামন পৰশুৰাম
হলীৰাম বাৰাহ শ্ৰীৰাম।
বুদ্ধ কল্কি নামে দশ আকৃতি ধৰিছা কৃষ্ণ
তযু পাৱে কৰোহো প্ৰণাম॥ ৩
উপদেশ
একান্ত ভকতসৱে নিৰ্গুণ কৃষ্ণৰ গুণ
গাৱে সদা বসিয়া যথাত।
বৈকুণ্ঠক পৰিহৰি যোগীৰো হৃদয় এৰি
থাকা হৰি সাক্ষাতে তথাত॥ ৪
কৰ্ম্মত বিশ্বাস যাৰ হিয়াত থাকন্তো হৰি
আতিশয় দূৰ হোন্ত তাৰ।
দূৰতো বিদূৰ হোন্ত তাৰ॥
অহঙ্কাৰ থাকন্তেও সাক্ষাতে কৃষ্ণক পাৱে
শ্ৰৱণ কীৰ্ত্তন ধৰ্ম্ম যাৰ॥ ৫
৪॥ নাহং তিষ্ঠামি বৈকুণ্ঠে যোগিনাং হৃদয়ে ন চ৷
মদ্ভক্তা যত্ৰ গায়ন্তি তত্ৰ তিষ্ঠামি নাৰদ॥
৫॥ হৃদিস্থোহপ্যতিদুৰস্থঃ কৰ্মৱিক্ষিপ্তচেতসাম৷৷
আত্মশক্তিভিৰগ্ৰাহ্যোহপ্যন্ত্যপেতগুণাত্মানাম্॥
--ভাগৱত পুৰাণ, ১০,৮৬,৪৭