পৃষ্ঠা:Kirtan Ghosha.pdf/৬৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নাম-ঘোষা

নমো শ্ৰীকৃষ্ণায় নমো নমঃ॥

ভজন

ঘোষা॥ ছবি॥

“মুক্তিত নিস্পৃহ যিটো  সেহি ভকতক নমো
 ৰসময় মাগোহো ভকতি।
সমস্ত-মস্তক-মণি  নিজ ভকতৰ বশ্য
 ভজো হেন দেৱ যদুপতি॥ ১
যাৰ ৰাম-কৃষ্ণ-নাম-  নাৱে ভৱ-সিন্ধু তৰি
 পাৱে পৰম্পদ পাপী যত।
সদানন্দ সনাতন  হেনয় কৃষ্ণক সদা
 উপাসা কৰোহোঁ হৃদয়ত॥ ২


১। যে মুক্তাৱপি নিস্পৃহাঃ প্ৰতিপদপ্ৰোম্মীলদানন্দদাং
যামান্থায় সমস্তমস্তকমণিং কুৱৰ্ন্তিস্বে ৱশে।
তান ভক্তানপি তাঞ্চ ভক্তিমপি তং ভক্তপ্ৰিয়ং শ্ৰীহৰিং
ৱন্দে সন্তমৰ্থয়েহসুদিৱসং নিত্যং শৰণং ভজে॥
 ⸺বিষ্ণুপুৰী সন্ন্যাসী, ভক্তি-ৰত্নাৱলী, কান্তি-মালা টীকা
২। যন্নামধেয়েন ভৱান্ধিমঞ্জসা তবা সমুত্তীয় নৰঃ পৰং পদং।
প্ৰাপ্নোতি পাতক্যপি ভং সনাতনং সদা সদানন্দমুপাস্মহে হৃদি॥

 ⸺শঙ্কৰদেৱ, ভক্তি-ৰত্নাকৰ, ১


পা* ১॥ মুক্তিত-মুক্তিতো