এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ পৰিশিষ্ট ২ ]
ধ্যান-বৰ্ণন
তৃতীয় কীৰ্ত্তন
ঘোষা॥ মাধৱ মুকুন্দ ৰাম।
ঘুষিয়ো হৰিৰ নাম॥৩
পদ॥ সংসাৰ সাগৰে তৰা।
কৃষ্ণৰ চৰণে ধৰা॥
দেখিয়ো হৃদয়-মাঝে।
জিনি কাম কোটি সাজে॥ ২৯
চন্দ্ৰক জিনয় কান্তি।
দশন মুকুতা-পান্তি॥
শিৰত ৰত্নৰ জ্বলে।
বন-মালা শোভৈ গলে॥ ৩০
নয়ন কমল-দল।
ভ্ৰুৱ-যুগ নিৰিমল॥
নয়ন পঙ্কজ-জৌতি।
উৰে লুলে গজমৌতি॥ ৩১
“ধ্য়ান-বৰ্ণনৰ” এই তৃতীয় আধ্যাৰ পাঠ বিষ্ণুপুৰৰ সত্ৰ
আৰু যোৰহাটৰ চাৰিগাঁৱত পোৱা পুথিৰপৰা গৃহীত হৈছে।
পা পদ ২৯॥ জিনি-যেন।