পৃষ্ঠা:Kirtan Ghosha.pdf/৬৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৩]
৬৬৭
ধ্য়ান-বৰ্ণন


কুটিল কুন্তলচয়।
কিৰীটি সুৱৰ্ণময়॥
তিলক কপালে জ্বলে।
কৰ্ণত কুণ্ডল দুলে॥ ৩২
নাসা তিল-ফুল-সম।
কম্বু-কণ্ঠ মনোৰম॥
শ্যামল সুন্দৰ বৰ।
পীত বস্ত্ৰ মনোহৰ॥ ৩৩
পেথিতে মদনে লাজে।
বহল হৃদয়-মাঝে॥
মণিময় হোম-হাৰ।
ঝিলিমিলি পেচন্দাৰ॥ ৩৪
ডাহিনে শ্ৰীবৎল-পান্তি।
অমূল্য ৰত্নৰ কান্তি॥
বামে লক্ষ্মী বিতোপণী।
কণ্ঠত কৌস্তুভ-মণি॥ ৩৫
চাৰু চতুৰ্ভুজ সম।
সুবলিত মনোৰম॥
কেয়ুৰ কঙ্কণ জ্বলে।
আৰাকত কৰ-তলে॥৩৬
শঙ্খ চক্ৰ পদ্ম গদা।
ধৰিয়া আছন্ত সদা॥


পা ৩৪॥ পেথিতে - দেখিতে  ৩৫॥ ডাহিনে - হৃদয়ে।
 ৩৬॥ কঙ্কণ - কিঙ্কিণী।