পৃষ্ঠা:Kirtan Ghosha.pdf/৬১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬০২
[ খণ্ড ২৫
কীৰ্ত্তন-ঘোষা


বটৰ সিটো ছায়া-পৰশনে।
ব্ৰহ্ম-হত্যা নষ্ট হোৱে তেখণে॥ ১৭৫
আন পাতকৰ কি কৈবো কথা।
স্বৰূপ বচন নাহি অন্যৱথা॥
ৰাজসূয় অশ্বমেধৰ ফল।
বট-দৰশনে পাৱে সকল॥ ১৭৬

উদ্ধৰি বংশ ব্ৰহ্ম-লোকে যাই।
এক কল্প মানে পতন নাই॥
গৰুড় আছন্ত কৃষ্ণ-সম্মুখে।
তাঙ্ক নমস্কাৰ কৰিব সুখে॥ ১৭৭

সমস্ত পাপক কৰিয়া দূৰ।
অপ্ৰয়াসে পাৱে বিষ্ণুৰ পুৰ॥
দেখিয়া বট গৰুড়ক আগে।
দৌলত পাছে প্ৰৱেশিবে লাগে॥ ১৭৮

ৰামক তিনি প্ৰদক্ষিণ কৰি।
প্ৰণামিব হেন মন্ত্ৰ উচ্চৰি॥
নমো হলধৰ ৰেৱতী-পতি।
ভকত-বৎসল কৰো প্ৰণতি॥ ১৭৯


পা ১৭৬ ॥ অন্যৱধা-অন্য়অস্থা।