এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চতুৰ্বিংশ খণ্ড
সহস্ৰ-নাম-বৃত্তান্ত
প্ৰখম কীৰ্ত্তন
ঘোষা।৷ কি কৰিলো কি কৰিলো ভকতি নকৰি।
অন্তক পাইলেক প্ৰভু ৰক্ষা কৰা হৰি॥১
পদ॥ নকৰিলো শিৰে মাধৱক নমস্কাৰ।
ইটো মাথাগোট মোৰ ভৈল মহাভাৰ॥
কৰ্ণ দুই আছন্ত নুশুনিলো হৰি-কথা।
দোগোটা গৰ্ত্তৰ ভাৰ বহিলোহো বৃথা॥ ১
জিহ্বা মোৰ আছন্ত নলৈলো ৰাম-নাম।
দাদুৰীৰ জিহ্বা যেন কৈলো কোন কাম॥
নেদেখিলো নয়নে প্ৰভু যেন ৰূপ।
সম্যকে জানিলো দুয়ো আখি অন্ধকূপ।৷ ২
যেন চিত্ৰ-বিচিত্ৰ মৈৰাৰ ভাসে পাখি।
হৰি-ৰূপ নেদেখিলো পাইলো তেহ্ন আখি।৷
হৰি-পদ-তুলসীৰ নলৈলোহো ঘ্ৰাণ।
জীৱন্তে মৰিলো নাসা ভাঠিৰ সমান।৷৩
পিন্ধিলোহো বাহুত অনেক অলঙ্কাৰ।
প্ৰভুৰ পূজাক নকৰিলো একবাৰ।৷