এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৮
৫০৭
শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ-প্রয়াণ
বদন-পঙ্কজ আছে প্ৰকাশি।
নুগুচে সদায় ঈষত হাসি॥ ৮৭
প্ৰকাশে কপালে অলকা-পান্তি।
পদ্মক নিন্দে নয়ন-কান্তি॥
কিৰীটি শিৰে সম নাহি তুলে।
কৰ্ণত মকৰ-কুণ্ডল দুলে॥
আজানুলম্বী চাৰু চাৰি হাত।
কেয়ূৰ কঙ্কণে প্ৰকাশে তাত॥
অঙ্গুলিগণক দেখন্তে তুষ্টি।
ৰত্নময় পিন্ধি আছে আঙ্গুষ্ঠি॥ ৮৯
কম্বু-কণ্ঠে আতি কৌস্তুভ জ্বলে।
মুকুতা হাৰ শোভে উৰঃস্থলে॥
গলত বনমালা কৰে কান্তি।
হিয়াত প্ৰকাশে শ্ৰীবৎস পান্তি॥ ৯০
কান্ধে নৱগুণ উত্তৰী পীত।
ৰত্নৰ মেখলা জ্বলে কটিত॥
নূপুৰে ৰঞ্জে পাদপদ্ম দুই।
ভকতে যাক দেখি সুখা হুই॥৯১
যতেক অস্ত্ৰ চক্ৰ আদি কৰি।
চৌপাশে উপাসন্ত মূৰ্ত্তি ধৰি॥