এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ২]
৩১১
কংস-বধ
কৰিয়া শৌচ ভৈলা কাছ-পাৰ।
শুনিয়ো আৱে কেন অৰ্থ তাৰ॥ ৩৫৭
ধনু ভাঙ্গি সেনা মাৰিলো তাৰ।
দেখাইলো নিজ বীৰ্য্য আপুনাৰ॥
তথাপি পিতৃৰ নোছোড়ে বন্ধ।
আমাকো মাৰিবে কৰে প্ৰবন্ধ॥ ৩৫৮
মমাৰ বধে আউৰ দোষ নাই।
এহি বুলি লড়ি গৈলা দোভাই॥
ৰঙ্গৰ দ্বাৰ পাইলা গৈয়া পাছে।
কুবলয়াপীড় বাটতে আছে॥ ৩৫৯
অম্বষ্ঠ হাতিয়াৰে আছে খুম্পি।
ৰহিয়াছে সিটো কৃষ্ণক চুম্পি॥
দেখি কৃষ্ণে তাৰ বুঝি ইঙ্গিত।
মেহ্ৰাইলন্ত পীত বস্ত্ৰ কটিত॥ ৩৬০
কুটিল অলকা বান্ধিল তুলি।
মাতিল শুন ৰে অম্বষ্ঠ বুলি॥
যাইবো ৰঙ্গ-শালা সত্বৰ কৰি।
পন্থ ছোড়ি দেস ঐৰ অন্তৰি॥ ৩৬১
পা° ৩৬০॥ হাতিয়াৰে-হস্তিয়াৰে।