পৃষ্ঠা:Kirtan Ghosha.pdf/৩২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১০
[খণ্ড ১১
কীৰ্ত্তন-ঘোষা


সজাইলেক উচ মঞ্চ ৰঙ্গ-শালা বেঢ়ি।
বাৱে ঢাক ঢোল ভেৰী কৰে নানা খেড়ি॥ ৩৫৩
মঞ্চে চড়ি বসিল যতেক পুৰবাসী।
থান লৈয়া বসিল নৃপতিগণো আসি॥
মন্ত্ৰীগণ সমে কংস চড়িল মঞ্চত।
নুগুচয় ভয় তাৰ ক্ষণিকো মনত॥ ৩৫৪
মল্ল-বাদ্য শুনি কাছি-পাৰি যত মাল।
মাল-গুৰু সমে প্ৰৱেশিল ৰঙ্গ-শাল॥
চাণুৰ মুষ্টিক কূট তোল অপৰ।
শল নামে আইলা আৰো মল্ল ভয়ঙ্কৰ॥ ৩৫৫
কৰ দিয়া নন্দো গোপগণ সমন্বিতি।
মঞ্চে চড়ি বসিল হুয়া এক ভিতি॥
কৃষ্ণৰ কিঙ্কৰে কহে শঙ্কৰে সম্প্ৰতি।
বোলা হৰি হৰি সৱে হোক সদগতি॥ ৩৫৬

উনত্ৰিংশ কীৰ্ত্তন

ঘোষা॥ গোপাল কপাল কৰুণাময়।
হৰিয়ো হৰি ভকতৰ ভয়॥২৯
পদ॥ কহন্ত নৃপতিত শুক মুনি।
 ৰাম কৃষ্ণেমল্ল-দুন্দুভি শুনি॥