এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৭ ]
২০৯
শিশু-লীলা
কেয়ুৰ কঙ্কণে কৰে কান্তি।
হৃদয়ত শ্ৰীবৎসৰ পান্তি॥ ৯৩
কম্বু-কণ্ঠ কৌস্তুভে শোভিত।
বনমালা আপাদ-লম্বিত॥
জিলিমিলি জ্বলে বক্ষঃস্থলে।
শোভে কৰ্ণ মকৰ-কুণ্ডলে॥ ৯৪
শঙ্খ চক্ৰ গদা পদ্ম ধৰি।
আছা সৱে চতুৰ্ভুজ হৰি॥
গাৱে গাৱে একো সৃষ্টিকৰে।
চৰাচৰ সমে সেৱা কৰে॥ ৯৫
মোহ হুয়া ব্ৰহ্মা ভৈলা চুপ।
দেখন্তে গুচিল সৱে ৰূপ॥
পূৰ্ব্বৱতে আছা মাত্ৰ হৰি।
হংসৰ নামিলা ব্ৰহ্মা ডৰি॥ ৯৬
যেন সুৱৰ্ণৰ দণ্ড-প্ৰায়।
ভুমিতে পেহ্লাই নিজ কায়॥
মাধৱৰ পাদ-পদ্ম দুই।
চাৰি মুকুটৰ আগে ছুই॥ ৯৭
আনন্দতে নয়নৰ জলে।
সি়ঞ্চিলন্ত চৰণ-কমলে॥
১৪