এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১০
[ খণ্ড ১৫
কীৰ্ত্তন-ঘোষা
উঠি উঠি দুয়ো পাৱে ধৰি।
প্ৰণামন্ত মহিমা সুমৰি॥ ৯৮
মুকন্দক চাই কথমপি।
মাথা দোঁৱাই কৃষ্ণ কৃষ্ণ জপি॥
প্ৰসাদিয়া অনেক ভকতি।
কৰিবে লাগিলা ব্ৰহ্মা স্তুতি॥ ৯৯
কৃষ্ণ-কথা শুনিয়ো সমাজে।
জন্ম লভি ভাৰতৰ মাজে॥
আক বৃথা কৰা কোন কামে।
সাধিয়ো মুকুতি হৰি-নামে॥ ১০০
অষ্টম কীৰ্ত্তন
ঘোষা॥ ৰাম নিৰঞ্জন নিৰঞ্জন হৰি॥
নমো ৰাম নিৰঞ্জন নিৰঞ্জন হৰি॥ ৮
পদ॥ নমো গোপ-ৰূপী মেঘ-সম-শ্যাম-তমু।
গাৱে পীত বস্ত্ৰ হাতে শিঙ্গা বেত বেণু॥
কৰ্ণত গুঞ্জাৰ থোকা মাথে মৈৰা-পাখী।
বন্য-পুষ্প-মালা পিন্ধি ধেনু আছা ৰাখি॥ ১০১
এহি শৰীৰত আছে যতেক মহিমা।
মনেও কৰিবে পাৰে কোনে তাৰ সীমা॥