এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৪]
৯
চতুৰ্ব্বিংশতি-অৱতাৰ-বৰ্ণন
চতুৰ্থ কীৰ্ত্তন
ঘোষা॥ মাধৱ ৰাম হৰি।
যাদৱ ৰাম হৰি !!৪!!
পদ॥ ব্যাস নামে ভৈলা সত্যৱতীৰ সন্ততি৷
দেখিলাহা প্ৰজা ভৈল অল্পমতি৷৷
কৰিলা অনেক শাখা চাৰিও বেদৰ!
পুৰাণ ভাৰত-শাস্ত্ৰ নিৰ্ম্মিলা বিস্তৰ৷৷২৫৷৷
গজেন্দ্ৰক গিলে ঘোৰ গ্ৰাহে বলে ধৰি৷
তোমাত শৰণ লৈল আৰ্ত্তনাদ কৰি৷৷
শুণ্ডে় মেহ্ৰাই পদ্মগোট উপৰক তুলি৷
কৰিলা অনেক তুতি ত্ৰাহি হৰি বুলি৷৷ ২৬
শুনি শীঘ্ৰে চৰি তুমি গৰুড়ৰ কন্ধে৷
ভকতক ৰাখিবাক আসিলা প্ৰবন্ধে৷৷
গৰুড়ৰ নামি তুমি পৰম বিক্রমে৷
শুণ্ডে ধৰি তৰক তুলিলা গ্ৰাহে সমে৷৷২৭
আথে-বেথে চক্রে ছিঁড়িলা গ্ৰাহ-মুখ৷
তোমাৰ প্ৰসাদে গজেন্দ্ৰৰ গৈল দুঃখ৷৷
পাঃ ঘোষা ৪॥ হৰি- হৰি হে, হৰি হোঁ।
পদ ২৬॥ কৰিলা অনেক তুতি- তোমাত শৰণ লৈলে।