পৃষ্ঠা:Kirtan Ghosha.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[খণ্ড ১
কীৰ্ত্তন-ঘোষা

পুত্ৰ ভৈলা নাভিৰ ঋষভ নামে তুমি।
জড় যোগচৰ্য্যা কৰি পৰ্য্যটিলা ভূমি॥
পৰম জ্ঞানৰ পথ দেখাৱা আপুনি।
পৰম পদক পাৱে যাক জানি-শুনি॥ ২১
অৰাজক ভৈল নস্ট হোৱে সবে প্ৰজা।
দেখি তুমি ভৈলা পৃথু নামে আদি ৰাজা॥
পৃথিবীক ধৰিয়া দুহিলা সৱে ৰস।
জগতকে ব্যাপিল তোমাৰ মহাযশ॥ ২২
সাগৰ মথন্তে অমৃতৰ ঘট ধৰি।
ধন্বন্তৰি নামে অৱতাৰ ভৈলা হৰি॥
যত বৈদ্য-শাস্ত্ৰ-চয় কৰিলা প্ৰকাশ।
যাহাক জানিলে হয় ব্যাধিৰ বিনাশ॥ ২৩
ধৰিলাহা সংসাৰ-মোহিনী নাৰী-বেশ।
দুষ্ট দৈত্যগণক মুহিলা হৃষীকেশ॥
ভকত দেৱক পান কৰাইলা অমৃত।
তোমাৰ প্ৰসাদে ইন্দ্ৰ ভৈলা কৃত্যকৃত্য॥ ২৪


পা* ২১॥জড়- যত। জ্ঞানৰ—জ্ঞানীৰ। দেখাৱা—দেখাইলা।
২৩॥ বিনাশ—সকাষ