এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে
চতুৰ্থ কীৰ্ত্তন
॥ঘোষা॥
মাধৱ ৰাম হৰি।
যাদৱ ৰাম হৰি!!৪!!
॥পদ॥
ব্যাস নামে ভৈলা সত্যৱতিৰ সন্ততি!
দেখিলাই(হ*?) প্ৰজা ভৈল আতি অল্পমতি!!
কৰিলা অনেক শাখা চাৰিয়ো বেদৰ!
পুৰান ভাৰত সাস্ত্ৰ নিৰ্ম্মিলা বিস্তৰ!!২৫!!
গজেন্দ্ৰক গিলে ঘোৰ গ্ৰাহে বলে ধৰি!
তোমাত শৰন লৈলে আৰ্ত্তনাদ কৰি!!
শুণ্ডে় মেঢ়াই পদ্মগোট উপৰক তুলি!
গজেন্দ্ৰে শৰন লৈলা ত্ৰাহি হৰি বোলী!!২৬!!
শুনি সিঘ্ৰে চৰি তুমি গৰূড়ৰ কন্ধে!
ভকতক ৰাখিবাক আসিলা প্ৰবন্ধে!!
গৰূডৰ নামি তুমি পৰম বিক্রমে!
শুন্দে ধৰি তৰক তুলিলা গ্ৰাহে সমে!!২৭!!
আথেবেথে চক্রে চিৰিলাহা গ্ৰাহমুন্ড!
তোমাৰ প্ৰসাদে গজেন্দ্ৰৰ গৈল দুখ!!
__________________
পাঃ ঘোষা ৪॥ হৰি- হৰি হে, হৰি হোঁ।
পদ ২৬॥ কৰিলা অনেক তুতি- তোমাত শৰণ লৈলে।