এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫২
[খণ্ড ৮
কীৰ্ত্তন-ঘোষা
আষাৰেক মাত মোক জন্মৰ সফল হোক
দেখি থাকো তোৰ লয়-লাস॥ ৩৪
আৰ কি তোমাত বাজ মোক্ষতো নাহিকে কাজ
আৰ কোন ছাৰ স্বৰ্গসুখ।
তুমি বিনা নাহি আন তুমি মোৰ যোগ-ধ্যান
থাকিবো তোমাৰ চাই মুখ॥
নকৰ মানিনী মান মদনে দহৱে প্ৰাণ
বোল বান্ধৈ আশ্বাস আমাক।
বোলন্ত অনেক বোল কন্যাতেসে হুয়া ভোেল
পাসৰিল পাশতে উমাক॥ ৩৫
যত আছে ভূতগণ কাহাতো নেদন্ত মন
কেৱলে কন্যাত মাত্ৰ হিয়া।
স্বামীৰ দেখিয়া ভাৱ হাসন্ত পাৰ্ব্বতী মাৱ
চাপৰি মুখত বস্ত্ৰ দিয়া॥
আনো যত অনুচৰ বৈলখিল নিৰন্তৰ
শঙ্কৰৰ দেখি হেন কাম।
শুনা সামাজিক লোক কলিত মুকুতি হোক
ডাক ছাড়ি বোলা ৰাম ৰাম॥ ৩৬
পা ৩৬॥ মুকুতি–সদ্গতি।