পৃষ্ঠা:Kirtan Ghosha.pdf/১৬৩

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীৰ্তন-ঘোষা { খণ্ড ৮

আবাৰে মাত মোক

জন্মৰ সফল হোক দেখি থাকো তোৰ লয়লাস। ৩৪ আৰ কি তোমাত বাজ মোক্ষতে নাহিকে কাজ আৰ কোন ছাৰ স্বৰ্গসুখ। তুমি বিনা নাহি আন তুমি মোৰ যোগ-ধ্যান থাকিবো তোমাৰ চাই মুখ। নকৰ মানিনী মান শানে দহৱে প্ৰাণ বোল বান্ধৈ আশ্বাস আমাক। বোলন্ত অনেক বোল কন্যাতেসে হুয়া ভোেল পাসৰিল পাশতে উমাক। ৩৫ যত আছে ভূতগণ কাহাতে নেদন্ত মন কেলে কন্যাত মাত্ৰ হিয়া। স্বামীৰ দেখিয়া ভাৱ হাসন্ত পাৰ্বতী মাৱ চাপৰি মুখত বস্ত্ৰ দিয়া। আনো যত অনুচৰ বৈলখিল নিৰন্তৰ শঙ্কৰৰ দেখি হেন কাম। শুনা সামাজিক লোক কলিত মুকুতি হোক ডাক ছাড়ি বোলা ৰাম ৰাম॥ ৩৬ ৩৮ | মুকুতি-সতি।