পৃষ্ঠা:Kirtan Ghosha.pdf/১৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৬
খণ্ড ৭
কীৰ্ত্তম-ঘোষা

নামিল গৈয়া সৰোবৰ মাজে।
চৌভিতি হস্তী সমে গজৰাজে॥
পদ্মৰ ধুলায়ে সুগন্ধিত জল।
পিলেক তৃষায়ে হুয়া বিকল॥ ১৮
অগাধ জল আতিশয় জুৰ।
গজেন্দ্ৰে ঘনে ঘনে পাৰে বুৰ॥
হস্তিনী সমে কৰে জল-ক্ৰীড়া।

খণ্ডিল সমস্তে ৰৌদ্ৰৰ পীড়া॥ ১৯
হস্তী হস্তিনীক কৰাৱে স্নান।
পিয়াৱে জল গৃহস্থৰ ঠান॥
দায়ায়ে পুত্ৰ ভাৰ্য্যা সঙ্গে ৰঙ্গে।
গৰ্ব্বে জল-ক্ৰীড়া কৰে মাতঙ্গে॥
বিষয়-সুখত ভৈলেক ভোল।
নেদেখে মৃত্যু আসি পাইলে কোল॥
জলত গজেন্দ্ৰে ক্ৰীড়ে উল্লাসে।
দেখিল তাক পাছে মহাগ্ৰাসে॥ ২১
ক্ৰোধে ধায়া পাছে দিলে কামোৰ।
সিবেলা দুইৰো ভৈল যুদ্ধ ঘোৰ॥
গজেন্দ্ৰক গ্ৰাহে আজুৰি টানে।
হস্তীও গ্ৰাহক আজুৰি আনে॥ ২২