পৃষ্ঠা:Kirtan Ghosha.pdf/১৪৬

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


১৩৫ কীন ২] গজেন্ধোপাখ্যান মালতী মধাই জাই যুতী যত। পাৰিজাত-মুখ্য বৃক্ষ সমস্ত॥ ১৩ বহয় বসন্ত মলয়া বাৱ। কোকিলে তেজে সুললিত ৰাৰ। সেহি বনমাজে গজেন্দ্ৰ আছে। অনেক হস্তী ফুৰে আগে পাছে। ১৪ যাত বৃক্ষ বেত বাংশ খৰি। ফুন্তে ভাঙ্গি নেয় মড়মড়ি। যাৰ গন্ধ পাইলে সিংহো পলায়। যতেক পশু জৰে জীৱ যায়॥ ১৫ মদ-জল-ধাৰা বহিয়া যায়। ভ্ৰমৰে তাক সেৱে সৰ্ব্বদায়। চন্তে ফুৰন্তে ক্ৰীড়ন্তে যাই। ৰহিলা গজেন্দ্ৰ ভাগৰ পাই। ১৬ দুগুণে পীড়িল বিকিৰণে। লড়িল দুনাই জল-পান-মনে। পৰ্বত কাম্পে গজেন্দ্ৰৰ ভিৰে। পদ্ম-গন্ধ পাইল জলৰ তীৰে। ১৭ পা ১৪॥ ভেঙ্গে সুললিত—ঘনে ঘনে কাঢ়ৈ। | ১৬ | মল-মগন্ধ।