এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ২]
১৩৫
গজেন্দ্ৰোপাখ্যান
মালতী মধাই জাই যুতী যত।
পাৰিজাত-মুখ্য বৃক্ষ সমস্ত॥ ১৩
বহয় বসন্ত মলয়া বাৱ।
কোকিলে তেজে সুললিত ৰাৱ॥
সেহি বনমাজে গজেন্দ্ৰ আছে।
অনেক হস্তী ফূৰে আগে পাছে॥ ১৪
যাত বৃক্ষ বেত বাংশ খৰি।
ফুৰন্তে ভাঙ্গি নেয় মড়মড়ি॥
যাৰ গন্ধ পাইলে সিংহো পলায়।
যতেক পশু ডৰে জীৱ যায়॥ ১৫
মদ-জল-ধাৰা বহিয়া যায়।
ভ্ৰমৰে তাক সেৱে সৰ্ব্বদায়।
চৰন্তে ফুৰন্তে ক্ৰীড়ন্তে যাই।
ৰহিলা গজেন্দ্ৰ ভাগৰ পাই॥ ১৬
দুগুণে পীড়িল ৰবি-কিৰণে।
লড়িল দুনাই জল-পান-মনে॥
পৰ্ব্বত কাম্পে গজেন্দ্ৰৰ ভিৰে।
পদ্ম-গন্ধ পাইল জলৰ তীৰে॥ ১৭
পা ১৪॥ তেজে সুললিত—ঘনে ঘনে কাঢ়ৈ।
১৬ ॥ মদ-জল-মদগন্ধ।