পৃষ্ঠা:Kirtan Ghosha.pdf/১২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ১৯ ]
১১৭
প্ৰহ্লাদ -চৰিত্ৰ


উনবিংশ কীৰ্ত্তন

ঘোষা॥ হৰি মাধৱ মধু-ৰিপু মুৰাৰি ৰাম।
 কৃষৰ চৰণে কৰো পড়িয়া প্ৰণাম॥১৯

পদ॥ অনন্তৰে শিৰত ধৰিয়া কৃতাঞ্জলি।
 ব্ৰহ্মা ৰুদ্ৰ আদি দেৱগণ গৈলা চলি॥
 বৈকুণ্ঠৰপৰা পাৰিষদগণ আসি।
 থাকি গৈলা নৃসিংহৰ চৌপাশে উপাসি॥ ২১০
 পৃথকে পৃথকে তুতি কৰিবাক লৈলা।
 প্ৰথমতে ব্ৰহ্মা কৰযোড়ে আগ ভৈলা॥
 প্ৰণামো অনন্ত তুমি দুৰন্ত-শকতি।
 লীলায়ে সংহৰি প্ৰভু কৰা সৃষ্টি স্থিতি॥ ২১১
 কেমনে জানিবো তযু বল-পৰাক্ৰম।
 এহি বুলি ব্ৰহ্মাদেৱ পড়িল নিজম॥
 অনন্তৰে শঙ্কৰে বুলিল তুতি-বাণী।
 মাৰিলা অসুৰ ইটো আতি অল্প-প্ৰাণী॥ ২১২
 তোমাৰ কোপত হোৱে জগতে প্ৰলয়।
 ভক্ত প্ৰহ্ৰাদক প্ৰভু পালিবে লাগয়॥
 এহি বুলি মহাদেৱ থাকিল নিচুকি।
 আগ বাঢ়ি ইন্দ্ৰে তুতি কৰিল উৎসুকি॥ ২১৩


পা° ঘোষা ১৯॥ হৰি মাধৱ-মাধৱ