পৃষ্ঠা:Kirtan Ghosha.pdf/১২৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


১১৮ কীৰ্ত্তন-ঘোষা খণ্ড ৬ দৈত্যে আমিলে প্ৰভু আমাৰ হৃদয়। সপনে সচেতে আমি দেখো দৈত্যময়॥ দানৱক মাৰি আৱে খণ্ডিলা দুৰ্গতি। কোননো নসাধে প্ৰভু তোমাত ভকতি॥ ২১৪ ঋষিগণে বোলে নমি ভৈল মহাৰঙ্গ। কৰিলেক আমাৰ পাতকী তপভঙ্গ। তাক মাৰি সাধিলা আমাৰ মনোৰথ। দুনাই থাপিলা জগন্নাথ ধৰ্ম্ম-পথ॥ ২১৫ পিতৃগণে বোলে নৃসিংহক নমি বাক। পুগণে দেয় শ্ৰাদ্ধ যতেক আমাক। দৈত্যেন্দ্ৰে আপুনি ভুঞ্জে সৱে কাঢ়ি নিয়া। কিনো ৰঙ্গ ভৈল তাৰ বিদাৰিলা হিয়া। ২১৬ - নাগগণে বোলে নৃসিংহক আগ বাঢ়ি। ভাল ভাল স্ত্ৰীক মানে আনিলেক কাঢ়ি। সাধিলা আনন্দ তাৰ হৃদয় বিদাৰি। প্ৰণামমা অনন্ত ভকতৰ ভয়হাৰী। ২১৭ বৈতালিকগণে বলে শুনিয়ো গোসই। দেৱৰ সভাত ফুৰৰ তযু গুণ গাই। পা পথ ২১৪ | সপলোেপনে, সপোনে ২১৮ | বৈতালিক-বৈমানিক { বৈতালিকা উচু-ভাগৱত