পৃষ্ঠা:Kirtan Ghosha.pdf/১২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৬
[খণ্ড ৬
কীৰ্ত্তন-ঘােষা


খুজি আৰ নপান্ত যুঝাৰ।
ক্ৰোধে মুখ দেখি অন্ধকাৰ॥
দেখি ত্ৰিজগতে ভৈল ভয়।
আজি যোনো মিলয় প্ৰলয়॥ ২০৬
শুনি পাছে দৈত্যৰ নিৰ্য্যাণ।
ৰঙ্গে আইল দেৱৰ বিমান॥
জোঙ্কাৰন্ত আকাশক ছন্নি।
কৰে দেৱে দুন্দুভিৰ ধ্বনি॥ ২০৭
দেৱৰ সুন্দৰীগণ আসি।
পুষ্প বৰিষন্ত হাসি হাসি॥
প্ৰধান গন্ধৰ্ব্বে গীত গাৱে।
বিদ্যাধৰে মৃদঙ্গ বজাৱে॥ ২০৮
অপেসৰাগণে কৰে নৃত্য।
ভৈলন্ত ত্ৰিদশে কৃতকৃত্য॥
কহে কৃষ্ণ-কিঙ্কৰ শঙ্কৰে।
বোলা হৰি হৰি সৱ নৰে॥ ২০৯


 পা° ২০৬॥ মুখ-চক্ষু[ প্ৰচণ্ডৱক্ত্ৰং—ভাগৱত ৭।৮।৩৪