পৃষ্ঠা:Khojar Xabda.pdf/৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কাৰ্বি ডেকা লুনচে ‘চাকচন’ (পাইথন/অজগৰ) বিচাৰি বনৰ মাজত সোমায়। অজগডাল বিক্ৰী কৰি এটা পেণ্ট কিনিব তাৰ বাবে; তাৰ পেণ্টটো ফিচিকি গৈছে। তাৰ পেণ্টটো পিন্ধা আৰু নিপিন্ধাৰ মাজত বৰ বেছি পাৰ্থক্য নোহোৱা হৈ পৰিছিল। কিন্তু সি পেণ্টটো বিক্ৰী কৰিবৰ সুচল নাপালে। সি অজগডাল পাহাৰী নদীখনৰ সোঁতত উটাই দিয়ে। ঘটনাক্ৰমে চেগুন বনৰ মাজতে দেখাদেখি হোৱা নগা ডেকা ‘হন্তাহে’ তাৰ পিন্ধি থকা পেণ্টটো লুনচেক দি দিয়ে—‘লুনচেৰ উঁৱলি যোৱা পেণ্টটো প্ৰথম সাক্ষাৎ হোৱাৰ দিনাই হন্তাহৰ চকু পৰিছিল, লেংটি মৰাৰ লাজতহে যেন সি পেণ্টটো পিন্ধি আছিল।’

 ‘আমি লাগা কাপোৰখান আপুনি লাগা লগাব আছে?’

 অকল কোৱাই নহয়, কৈ থাকোঁতে নোদোকা ল’ৰাটোৱে নিজৰ গাৰপৰা অৰণ্য ৰঙৰ পেণ্টটো খুলিলে, চেগুন পাতৰ ছাপ থকা ডাঠ কাপোৰৰ চোলাটোও খুলিলে আৰু কথাৰ লাচতে লুন্‌চেলৈ আগুৱাই দি ক’লে, ‘আপুনি খান আমি খান কাপোৰ লগাবিনা।”

 খাটনিয়াৰৰ গল্পত সাধাৰণ মানুহৰ প্ৰতি সহানুভূতি বিদ্যমান; তেওঁৰ গল্প তথা চিন্তাত সমাজতান্ত্ৰিক বাস্তৱতাৰ কথাই মূলতঃ প্ৰতিফলিত হৈছে। সাধাৰণ মানুহৰ প্ৰতি যি গভীৰ বিশ্বাস, ভালপোৱা আৰু সহানুভূতি ফল্গুৰ দৰে অন্তৰত ৰৈ থাকে, তাৰ বাস্তৱ প্ৰতিচ্ছবি প্ৰতিটো গল্পতে মূৰ্তমান হৈ উঠিছে। জীৱনৰ উত্তৰণৰ প্ৰতি অগাধ বিশ্বাস থকা তেওঁৰ প্ৰতিটো গল্পই আছিল সাৰ্থক সৃষ্টি। বক্তব্যৰপৰা তেওঁৰ গল্পসমূহত নিজৰ সলনি আনৰ কথা এক বীক্ষণৰ মাজেৰে সূক্ষ্ম অনুশীলনেৰে আন্তৰিকতাৰে উপস্থাপন কৰিছিল—

 ‘আধাৰশিলা’ত উপস্থাপিত হৈছে কেনেকৈ আন্দোলনৰ নামত নিৰীহ মানুহক হত্যা, জোৰ জবৰদস্তি মাটি দখল, বিভিন্ন অন্যায়-অনীতি আদি কামত জড়িত হৈ পৰি নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে এসময়ৰ কিছু আদৰ্শবাদী, প্ৰগতিশীল ব্যক্তিও আন্দোলনৰ সমৰ্থনকাৰী হৈ একালৰ সংগীক হত্যা কৰে। পিছলৈ সেইসকলেই ঘঁৰিয়ালৰ চকুপানী মচি নিজেই হত্যা কৰা ব্যক্তিজনৰ নামত পুথিভঁৰাল, নাট্যমন্দিৰৰ আধাৰশিলা স্থাপনৰ যো-জা কৰে। ইয়াতেই চৰিত্ৰায়িত হৈছে আন্দোলনৰ এসময়ৰ নলে-গলে লগা বন্ধু বৰ্তমানৰ সৰ্বহাৰা, ‘পাগল’ অভিধা পোৱা ভদ্ৰেশ্বৰ ওৰফে ভদীয়া। সেই ভদীয়া এই সকলোবোৰৰ বিদ্ৰোহী— ‘... ইয়াৰ পিছতে আধাৰশিলা স্থাপন। সভাৰ সভাপতি খগেন দাসে তাৰেই ঘোষণা কৰিবলৈ যেন থিয় হৈছিল। ক’বলৈও মুখ মেলিছিল, ‘হেল্লো! টেষ্টিং!! হেল্ল’!! ... আৰু ঠিক এনেতে সৰু

খোজৰ শব্দ॥৯৯